ৰ'দ পুৱাবৰ কাৰণে মতিবানো কাক |



ৰ'দ পুৱাবৰ কাৰণে মাতিবানো কাক ?
ৰ'দ পুৱাবৰ কাৰণে মতিবানো কাক?
ওলাই দেখোন আহিলেই ৰহদৈৰে জাক
লগে লগে লৰি আহিল সেউতীহঁতৰ মাক 
পাহাৰ বগাই নামি আহিল ডালিমীৰে জাক
শুৱনীকৈ অসমীৰে একতাৰে সূতাবোৰে মহুৰাতে ল'লেহি পাক।
অ' আইতা আইতা অ'
এনেই আইতা নাচনী তাতে নাতিনীৰে বিয়া
অসম আকাশ পোহৰ হ'ব উৰুলিটি দিয়া।..
তেজীমলা কোন ?
সোৱণশিৰীৰ সোণ
সোণ চেঁকুৰা মাটিতে সিঁচি
দোকমোকালিতে চোতাল মচি
আজি হেনো দেখিছে গাঁৱৰে কঠীয়াতলীত
পোহৰ শিশুৰ কোমল হাঁহি
নতুন দিনৰ ধুনীয়া সপোন
চেৰেকীতকৈ চৰিছে যে আইতাৰ হে পাক। ..
আজিৰ মূলা গাভৰুৱে দপদপাই ওলালে
হেংদানে মাকো দেখি ক'ৰবাতে লুকালে
মূলাই আজি সমাজ শালত চেনেহ চেলেং লগালে
সজাবলে' পৰাবলে' কাক?
মকৰাৰে পুৰণি জালবোৰৰ এলান্ধু
সাৰি-পুচি নিবলৈ আহিলে বতাহ এছাটি
তাতে উৰে হেজাৰ কপৌৰ জাক
পৃথিৱীৰে আকাশৰে শুকুলাকৈ ডাৱৰে
উলাহেৰে সাবটিছে তাক।
অসমীৰে চোতালতে ৰ'দ কাঁচলিত বহি বহি
ব তোলাই ব তোলে বাটি কঢ়াই কাঢ়ে
আমাৰ দেশৰ চেলেংখনিত নতুন ৰহণ চৰে
সজাবলৈ হেজাৰ জনতাক
আনন্দতে পুৱাই উৰিল
হেজাৰ হেজাৰ কপৌৰে জাক
ধিয়াই মাথোঁ ৰঙা বেলিৰ
জীৱন যচা তাপ।
 •  0 comments  •  flag
Share on Twitter
Published on July 14, 2015 00:31
No comments have been added yet.